Download MP3 for Xendur Xendur APAROOPA Original VIDEO Satya Barua MUSIC Bhupen Hazarika


Listen this mp3


Share this mp3


Description

সেন্দূৰ সেন্দূৰ প্ৰভাতী সূৰুয
মোৰ গালে মুখে পৰিছে
পাহৰণিৰ কুঁৱলী ফলি
সোঁৱৰণি যেন আহিছে।।

মনত পৰিছে যেন অস্ত বেলিৰ
বিদায় সনা চাৱনি,
লগে লগে যেন দেখিছোঁ পুনৰ
লৱণু কোমল মুখনি।

মন পথাৰৰ সেউজ শইচত
মলয়াৰ মৃদু নাচোন,
মনত পৰিছে যেন ডেকা-গাভৰুৰ
চেনেহীৰ সাজোন-কাচোন।
মৰমী গাঁৱৰ সোণালী ৰʼদ
শাওণৰ কজলা মেঘ
ৰিমঝিম বৰষাও পৰিছে মনত
শৰালিৰ নাই লেখ।

এইয়া মাথোঁ মোৰ মৰমী আই
ঘৰমুখী পখী আহিছোঁ উভতি
পাবলৈ কোলাতে ঠাই।।